Netai Dhubuni Ghat

সাহিত্য সভা হল অৰাজনৈতিক আৰু সৰ্বসাধাৰণ ৰাইজৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্কে থকা অনুষ্ঠান।

সাহিত্য সভা সদায় জন সাধাৰণক সামাজিক, সাংস্কৃতিক, ভাষিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্ধাৰৰ পৰা পোহৰ সম্ভেদ দি সুস্থ আৰু উন্নত জীৱন-যাপনৰ অনুপ্ৰেণনা যোগায়। সেয়ে জাতি এখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সাহিত্য সভাৰ ভূমিকা অপুৰণীয়।

          এই বেলি ধুবুৰী জিলা সাহিত্য সভাই ফলিমাৰী অঞ্চলয় ইযাৰ শাখা সাহিত্য সভাৰ সহযোগত বিভিন্ন সামাজিক গাম্ভজ্যপূৰ্ণ পৰিৱেশত বিভিন্ন অনুষ্ঠান পাতিবলৈ লোৱা কাৰ্যই স্বাধীনতাৰ পিছৰে পৰা শ্ববিৰ হৈ থকা সৰল সামাজিক সাংস্কৃতিক জীৱনক দুখোজ আগুৱাই দিলে। সমূহ ৰাইজে বহাগৰ নতুন ফল-ফুল আৰু শান্তিৰ আগজাননি দিয়া কুলিৰ মাত শুনিলে।


          বৰ্তমান ফলিমাৰী পঞ্চায়তৰ জনসংখ্য়া প্ৰায় ১২,০০০ হাজাৰ ইং ২০০৩ চনত। ফলিমাৰী মূলত কৃষি ভিত্তিক, পশ্চিমপিনি দিঘল দি থকা PDW পথ আৰু মাজেৰে কুলু কুল কৰি বৈ যোৱা গদাধৰ পাৰৰ শান্তি প্ৰিয় গাওঁ, গদাধৰ নদীয়ে যেনেকৈ বাৰিষা কালত খেতি বাতি ঘৰ দুবাৰৰ বিস্তৰ ক্ষতি কৰে, ঠিক তেনেদৰে বাকী সময়ত খেতি বাতি জীৱ জন্তু আৰু মানুহৰ বহুত উপকাৰ কৰে।

          সাধাৰণ আৰু সৰল ভাবে বসবাস কৰা ৰাইজে যোৱা দশকৰ পৰাই শিক্ষা দীক্ষাত বেছ গুৰুত্ব দিছে। ফলস্বৰুপে চৰকাৰ শিক্ষানুষ্ঠানৰ উপৰি কেইবাটেও বেচৰকাৰী প্ৰাথমিক আৰু মাধ্য়মিক বিদ্য়ালয় স্পান হৈছে, সৰু সৰু লৰা ছোৱালীক ঘৰুৱা শিক্ষকৰ দ্বাৰাও পাঠদান দিয়া এক নিয়মিত কামত পৰিণিত হৈছে যিয়ে শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু সৰল মনোভাৱৰ কথাকে বুজায়। মেট্ৰিক আৰু ওপৰৰ শিক্ষিত চামে সৰু-সুৰা দোকান পাঠ আৰু ব্যৱসাৰ বানিজ্যত মনোনিবেশ কৰাত সমাজখন লাহে লাহে স্বৱলম্বী হোৱা দেখা গৈছে।


Popular posts from this blog

অসমীয়া ভাষা লৈ চৰ-চাপৰি বাসীৰ অৱদান

ফলিমাৰী গাওঁৰ ইতিহাস